প্ৰথম খণ্ড
প্ৰাচীন কালত অসমৰ এখন উন্নত কৃষি প্ৰধান দেশ বুলি জনাজাত আছিল । অসমৰ মাটি সাৰুৱা আৰু দ বুলি চীনা পৰিব্ৰাজক হিউৱেন চাঙে কৈ গৈছে। দেশখনৰ প্ৰধান খেতি ধান। তাৰ বাহিৰেও কুঁহিয়াৰ, মৰাপাট, সৰিয়হ, নানা তৰহৰ শাক পাচলি, ফল-মূল যেনে—আম, কঁঠাল, নেমু, জামু, পনিয়ল আদি যথেষ্ট পৰিমাণে হৈছিল । হিউৱেন চাঙে কামৰূপ কঁঠাল আৰু নাৰিকলৰ বাবে বিখ্যাত বুলি কৈ গৈছে । হৰিহৰ বিপ্ৰৰ ৰচনাত নানা বিধ ফলৰ নাম পোৱা যায় ।মাধৱ কন্দলীৰ দিনত অসমখন ফল-মূলৰ গছেৰে ভৰি আছিল । ৰাম ৰাজ্যৰ দৰে ৰাজ্যত আকাল নাছিল । বিহুৰ আনন্দ যেন মানুহে সদায় উপভোগ কৰিছিল । তাক পুৰুষৰ মতেও কৃষিয়েই অসমীয়া মানুহৰ জীৱন আছিল আৰু সোণ, ৰূপ, হীৰা, মানিকতকৈ ভাত মুঠিৰ মূল্য অধিক বুলি গণ্য হৈছিল । ভূঞা সকলো কৃষিত বৰ আগৰণুৱা আছিল ।
সুপ্ৰসিদ্ধ তাই আহোমসকল অসমলৈ আহি অসমখনক নাম দিছিল ‘মুং-ডুন-চুন-খাম’ অৰ্থাৎ সোণৰ বাগিচাৰে পূৰ্ণ দেশ । অসমৰ মাটিত সোণ গজে, সোণ ফলে । এই দেশত অকল পৰ্বতীয়া জুৰিতেই সোণ নাথাকে, সোণ থাকে গছৰ ডালে পাতে ।
বৃহৎ অসমীয়া জাতি গঢ়োতা চাও লুং চুকাফাই কঢ়িয়াই অনা তাই সংস্কৃতিৰ অন্যতম বৈশিষ্ট্য হৈছে কৃষি সংস্কৃতি । কৰ্মবিমুখৰ ঠাইত তেওঁ স্থাপন কৰিছিল কৰ্ম সংস্কৃতি । তেওঁ শ্ৰমক মৰ্যদা দান কৰিছিল যি অস্ত্ৰৰ বলতকৈয়ো বলী আছিল । চুকাফাৰ নেতৃত্বত তাই আহোমসকলে যে শালি ধানৰ খেতি স্থানীয় ৰাইজৰ মাজত প্ৰবৰ্তন কৰিছিল সেই শক্তিয়ে হে তেওঁৰ শাসনৰ ভেটি সুদৃঢ় কৰিছিল । তাৰ পিছত জন্ম হৈছিল কৰ্মসংস্কৃতি তথা আত্ম নিৰ্ভৰশীলতাৰ নীতি । চুকাফাৰ সেই মহান কৰ্মসংস্কৃতিৰ মহান আদৰ্শ স্বৰ্গদেউ প্ৰতাপ সিংহই পবিত্ৰভাৱে গ্ৰহণ কৰিছিল আৰু সুযোগ্য বৰবৰুৱা মোমাই তামূলীৰ দ্বাৰাই গাওঁ সংগঠন কৰাই মানুহক স্বাৱলম্বী হোৱাৰ যি শিক্ষা দিয়ালে তাৰ দ্বাৰা অসম এখন সমৃদ্ধিশালী আৰু শক্তিশালী অসমলৈ ৰূপান্তৰিত হৈছিল । প্ৰতাপ সিংহই এক শৃংখলাবদ্ধ শাসন প্ৰৱৰ্তন কৰিব অসমীয়া জাতিক ভাৰতবৰ্ষৰ ভিতৰতে এটি শক্তিসম্পন্ন জাতি ৰূপে গঢ়ি তুলিবলৈ যে সমৰ্থ হল তাৰ সকলো কৃতিত্ব মোমাই তামূলী বৰবৰুৱাৰ । অসংখ্য জয়ৰ মাজত লুকাই থাকে সুদৃঢ় অৰ্থনীতি । প্ৰতাপ সিংহৰ দিনৰ অসংখ্য মুছলমান আক্ৰমণ ব্যৰ্থ কৰা শক্তিও দিছিল তেওঁৰ দেশৰ অৰ্থনৈতিক সবল অৱস্থাই । একোজন ক্ষণজন্মা সুযোগ্য ব্যক্তিৰ একো আজোঁৰত এটা জাতি বহুদূৰ আগুৱাই যায় আৰু তাৰ বিপৰীতে একো একোজন ব্যক্তিৰ মুৰ্খামীৰ বাবে একোটা জাতি বহুদূৰ পিছুৱাই যায় । আমি বৰ গৌৰৱবোধ কৰো যে জয়ধ্বজ সিংহৰ দিনত মিৰজুমলাই ৰাজধানী গড়গাঁও অধিকাৰ কৰি তিনি লাখ টকাৰ মূল্যৰ সোণ আৰু ৰূপ হস্তগত কৰাৰ ওপৰিও ১৭০ টা ধানৰ ভঁৰাল, এহেজাৰৰ পৰা দহহেজাৰ সোণতকৈ অধিক শস্যৰে ভৰি থকা ভঁৰাল হস্তগত কৰিছিল । তাৰ দ্বাৰা ৰাজ্যৰ ৰাজলক্ষ্মীৰ কোনো হানি হোৱা নাছিল । এইয়া স্বাভাৱিকতে চুকাফাক মোমাই তামূলী বৰবৰুৱাৰ দেখুৱাই যোৱা কৰ্মসংস্কৃতিৰ অমৃতময় ফল ।
এটা কথা স্বীকাৰ কৰিব লাগিব যে মোমাই তামুলীৰ দূৰদৃষ্টিসম্পন্ন পৰিকল্পনা সুসংগঠন ব্যৱস্থা আৰু কৰ্মসংস্কৃতিৰ আদৰ্শই অসমৰ কৃষি ব্যৱস্থাত এক যুগান্তৰ ঘটালে । বৰবৰুৱাই গাঁও পাতি ঘন বসতিৰ মানুহ নি অন্য সাৰুৱা ঠাইত হাবি জংঘল কাতি নতুন গাঁও পতাই তাত ঢাপ মাৰি বেৰাদি বাৰী পতাৰ দিহা দি তাত নানা ধৰণৰ শাক পাচলি, ফল-মূল, গছ বা বাঁহগছ ৰোৱাই স্বাৱলম্বনৰ এনে এক আদৰ্শ দেখুৱালে তাৰ বাবে অসমৰ অৰ্থনীতিত ডাঙৰ পৰিৱৰ্তন ঘটিল । অসমীয়া জাতিৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক দিশতো মোমাই তামুলীৰ অৱদান উল্লেখযোগ্য বুলি ক’ব লাগিব । বৰবৰুৱাই সাংগঠনিক ৰুপত পাইক প্ৰথাৰ কাৰ্যকৰী কৰে । প্ৰথমতে সকলো একেই লগত কৰি সেই অঞ্চলত একোটা স্থানীয় খেল কৰি কৰি কৰ্মযজ্ঞত ব্ৰতী কৰিছিল আৰু সেই নীতিৰে এটা জাতিৰ মাজত কৰ্মসংস্কৃতি গঢ়ি তুলিব দেশৰ অগ্ৰগতিত বিৰাট অৰিহণা যোগালে তাৰ তুলনা অসম বুৰঞ্জীতে বিৰল ঘটনা ।
কলিয়াবৰত প্ৰাপ্ত হাতে লিখা ভূঞা বুৰঞ্জীখনৰ পৰা জনা যায় যে মোমাই তামুলীৰ বৰবৰুৱাই কলঙৰ দুয়োপাৰতে দুশ ঘৰলৈ ভূঞা মানুহ পঠিয়াই চতিয়াল আৰু পূব থৰীয়াত প্ৰথম গাঁও পতা আৰম্ভ কৰিছিল । তাৰ পাছতে নাই দুৱাৰ আৰু নগাঁৱত গাঁও পতাৰ পৰিকল্পনা কৰিছিল ।
কলিয়াবৰৰ পৰা মোমাই তামুলীৰ বৰবৰুৱাই ১৫৩৫ শকত মানুহ আনি এহেজাৰ পাইকেৰে শৃংখলাবদ্ধভাৱে নগাঁও পাতে । এই নগাঁও বৰ্তমান নগাঁও আৰু ইয়াৰ দুয়োকাষে দুটা আলি আছিল । ঘৰৰ পৰিয়াল বুজি পথালিয়ে আলিৰ দাঁতিত বেও জুখি মাটি দিয়া হৈছিল আৰু দীঘে যিমান পাৰি সিমান লব পাৰিছিল । ক্ৰমে কাৰো পৰিয়াল সৰহ হোৱাত মানুহ ঠায়ে ঠায়ে গৈছিল । ইয়াতে লুইতৰ দাঁতিত সাতগাঁও, আঠগাঁও নামে গাঁও আছে । তাতো পাইকৰ দুখেৰ আছিল । এনে কঠিন শাসনেৰে এই নগাঁও পতান হৈছিল যে প্ৰতিদিনে মানুহে পাতি বাঁহৰ মূঢ়া বা তামোলৰ পুলি বা আন কোনোবা গছকেইজোপামান ৰুব লাগে । তিৰোতা জনীয়েও অন্তত: কেইটামান সুতলাহি কাটিব লাগে । বৰবৰুৱাৰ টেকেলাই গৈ প্ৰতিদিনে এই কাৰ্য চোৱাৰ নিয়ম আছিল আৰু তাকে নকৰিলে মুনিহ কি তিৰোতাইও দণ্ড পাইছিল । এই নগাঁও পতাৰ লগে লগে ব্ৰক্ষ্মপুত্ৰৰ উত্তৰে নদুৱাৰ অঞ্চলত গাঁও পতা আৰম্ভ হয় । তাতো কলিয়াবৰৰ পৰাই প্ৰতি পৰিয়ালৰ দুঘৰ দুঘৰ কৰি নি গাঁও পতা হৈছিল । সেই গাঁৱৰ নাম কলিয়াবৰৰ গাঁৱৰ নামেৰেই ৰখা হৈছিল । হিতেশ্বৰ বৰবৰুৱাই কৈছে ‘উত্তৰে মাৰঙ্গী,খৰঙ্গী দৈয়াং, ধনুধৰা, উৰা, তেতৈয়া, দোলামাৰি, বৰদেহীয়া আৰু আনো গাঁও মানে মোমাই তামুলীৰ বৰবৰুৱাই পাতিলে । অভয়াপুৰ ফুল বৰুৱা আৰু পিকচাই কাফুকনে, শলগুৰি নামদাঙ পাতিলে সন্দিকৈৰ খাওকাওৱে আৰু পুখুৰী খনাই ফুটুকাৰ তলীত আলি বান্ধিলে । এই ক্ৰমে ডাঙৰীয়া সকলেও গাঁও পাতিলে । আগলৈ,,,,,,
No comments:
Post a Comment