১. কপালত নাই ঘিঁ, ঠক ঠকালে হব কি:- এটা বস্তু বা কাম আমাৰ ভাগ্যত বা কপাল যদি কৰিবলৈ বা পাবলৈ লিখা নাই তেন্তে যিমান চেষ্টা কৰিলেও তাক পোৱাটো সম্ভৱ নহয়, (আমাৰ সমাজত মানুহে জীৱনত ভোগ কৰা সুখ-দুখ বা কৰ্মবোৰক কপালৰ লিখন বা ভাগ্যৰ দশা বুলি ধৰি লয় আৰু অখণ্ডনীয় বুলি সান্তনা লভে,,)।
২.কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ,
মাকৰ ঘৰত জীয়াৰী বাঢ়ে, পথাৰত বাঢ়ে ধান:- কেতিয়াবা কথাত কথা বাঢ়ি গৈ কথা বিষম পৰিস্থিতিৰ ৰূপ লয় । আৰু কাণৰ ফুটাত যদি খৰিকা সুমুৱাই ৰখা হয় তেন্তে কাণৰ ফুটাও ডাঙৰ হৈ পৰে । আনহাতে মাকৰ ঘৰত ছোৱালী দিনক দিনে বাঢ়ি গৈ এদিন জীয়ৰী হয় যিদৰে পথাৰত ৰুৱা ধান বাঢ়ে,। অৰ্থাৎ প্ৰকৃতিৰ নিয়ম অনুসৰি সকলো কাম হোৱা বা হয় ।
৩. কথাতেই কটা যায়, কথাতেই বঁটা পায়:- যিকোনো লোকেই যদি সময় অনুসৰি পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি পৰিস্থিতিৰ সপক্ষে কথা কব নাজানে তেন্তে তেওঁ মাৰ খোৱাৰ সম্ভৱনাই বেছি, আৰু যদি তেওঁ যথা সময়ত পৰিস্থিতিৰ সপক্ষত কথা কব পাৰে তেনেহ তেওঁ পুৰষ্কৃত হব পাৰে,,
৪. কাকনো বুলিম ককা,আটাইৰে ডাঢ়ি চুলি পকা:- কোনো এটা বেয়া কাম যেতিয়া সকলোবোৰে মিলি কৰে তেতিয়া নিদিষ্ট এজনক বাছি উলিওৱা টান বা অসম্ভৱ হয়,,তেতিয়াই এই যোজনাটি ব্যৱহাৰ কৰা হয়,,
৫. কিনা হাঁহৰ ঠোঁট লৈকে মঙহ:- সাধৰণতে হাঁহৰ ঠোট, ঠেং আদি পেলনীয়া বস্তু, কিন্তু হাঁহটো যদি কিনি অনা হয় তেনেহলে যিমান বেছি পাৰি সিমান মাংস কাটি উলিয়াব যত্ন কৰা হয়। অৰ্থাৎ কিনি অনা বস্তুৰ যিমান পাৰি সিমান বেছি ব্যৱহাৰ কৰিব চেষ্টা কৰা হয় ।
৬. কথাৰ শুৱনি মাত, হাতীৰ শুৱনি দাঁত:- যিকোনো ব্যক্তিৰ মাতষাৰি যদি শুনিবলৈ শুৱনি বা ভাল লগা হয় তেন্তে তেওঁৰ কথাবোৰো ভাল লাগে, অৰ্থাৎ শুৱনি মাতষাৰে কথাবোৰো শুৱনি কৰে, ঠিক তেনেকৈয়ে হাতীৰ দাঁত থাকিলেহে দেখনিয়া বা চকুত লগা হয় ।
৭. ক বুলিব নেজানে ৰত্নাৱলী পঢ়ে:- যি একেবাৰে লিখা-পঢ়া নাজানে সি ৰত্নাৱলী পঢ়া অসম্ভব কাৰণ ৰত্নাৱলী এখন সংস্কৃতত লিখা ধৰ্মশাস্ত্ৰ, আৰু ইয়াক সহজে বুজা নাজায়, অৰ্থাৎ একেবাৰে কৰিব নোৱাৰা কাম এটা কৰিব যোৱা,।
৮. কালৰ কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল:- সাধাৰণতে বাঘে হৰিণাক চিকাৰ কৰি খায়, তেনেক্ষেত্ৰত যদি হৰিণাই বাঘৰ গাল চেলেকা দেখা যায় তেনেহলে নিশ্চয় ডাঙৰ অঘটন ঘটিছে,।
৯. কেৰ্কেটুৱাই তামোল খায়, নেউলক ধৰি কিলায়:- প্ৰকৃততে নেউলে তামোল নাখাই,,কেৰ্কেটুৱাই কিন্তু তামোল খাই,,গতিকে নেউল নিদোষী যদিও মৰা যায়,,অৰ্থাৎ যি কোনো বেয়া কাম বা দোষ কৰা জন পলাই হাৰে, আৰু সেই দোষী জনক নাপাই নিদোষী জনকে ধৰি শাস্তি দিয়ে,,।
১০. কথা ক'লেই লাগিল পাক, বাৰজন গৈছিল পানী আনিবলৈ , তেৰজনীৰ কাটিলে নাক:-মানুহৰ মুখ বাগৰি কথাই পাক লয় বিশেষকৈ কনো অপবাদ বা কেলেঙ্কাৰীৰ কাহিনী মুখে-মুখে বাঢ়ি অতিৰঞ্জিত ৰূপ লয় ৷
১১. কৰবা নৰাৰ বৰ কথা, খাবা নৰাৰ বৰ হাথা:- যি মানুহ কামৰ অযোগ্য বা অসাঠনজনে কাম কৰাৰ ক্ষেত্ৰত ওফাইদাং মাৰে,তেনেদৰে খাব নোৱৰাজনে আকৌ ডাঙৰ হেতাখনেৰে অৰ্থাৎ সৰহকৈ খাদ্য বিচাৰে। এতেকে নিজৰ সীমাবদ্ধতাৰ কথা জানি - বুজিও বৰাই কৰা কাৰ্য্য।
১২. কৈ পেলোৱা কথা, এৰি দিয়া শৰ একেই কথা:- ধনুৰ কাঁৰপাত এবাৰ মৰা পাছত তাক পুনৰ ঘুৰাই আনিব নোৱাৰি, যাক উদ্দেশ্য কৰি মৰা হয় তাক সেই কাঁৰপাতে আঘাত কৰিবই, ঠিক সেইদৰেই মানুহৰ মুখেৰে কাৰোবাৰ উদ্দেশ্য কৰি কোৱা কথাবোৰো পুনৰ ঘূৰাই আনিব নোৱাৰি,,।
১৩. কান্দিব জানিলেহে কল পায়:- সুবিধা অনুযায়ী কাম কৰিব জানিলেহে তাৰ ফল পোৱা যায় ।
১৪. কান্দি ৰণ জিকা:- কাৰোবাক কন্দা দেখিলে সাধাৰণতে আনজনৰ অন্তৰ খন কুমলি যায় আৰু কন্দা জনৰ প্ৰতি দয়া উপজে । গতিকে কোনো লোকে বলেৰে যদি যিকোনো কাম কৰিব নোৱাৰে তেন্তে কান্দি বা চলেৰে আনজনক কৰিবলৈ মান্তি কৰোৱাক বুজাই।
১৫. কেনি যাওঁ গোপাল, ক'ত লুকাওঁ কৃপাল:-উপাই নোহোৱা। কিবা এটা কাম যদি কাৰোবাৰ পৰা লোকাই চুৰকৈ কৰি থাকোতেই অকস্মাত সেই ব্যক্তিজনক দেখি উপায়ন্তৰ হোৱা।
১৬. কাকো পৰিল তালো সৰিল:-কাক মানে হৈছে কাউৰী । অৰ্থাৎ তাল গছ এজোপাত কাউৰী এটা আহি পৰিল। সেইসময়তে তাল এটাও সৰিল । কিন্তু ইটো ঘটনাৰ লগত সিটোৰ একো সম্পৰ্ক নাই। তথাপিও এনে লাগে যেন কাউৰীটো পৰা কাৰণেহে তালটো সৰিল।
১৭. কলেও আয়ে কিল খায়, নকলেও বোপায়ে বাঢ়ী চোতালত ভাত খায়:- কোনো কথা ক'লেও বিপদ আৰু নকলেও বিপদ অৰ্থাৎ ই দোধোৰ মোধোৰ অবস্থাত পৰা বুজাইছে ।
১৮. কুম্ভকৰ্ণ নিদ্ৰা:- ব্ৰহ্মাৰ বৰ পাই লংকাৰ ৰজা ৰাৱণৰ ভায়েক কুম্ভকৰ্ণই ছয় মাহ খাইছিল আৰু ছমাহ শুইছিল, তাৰ বাদে তেওঁ অন্য একো কৰা নাছিল,,গতিকে কোনো এটা কৰিব লগিয়া কামত যদি দীৰ্ঘদিন ধৰি একো কান সাৰ নিদিয়াকৈ থাকে তেতিয়া এই যোজনাটিৰ ব্যৱহাৰ হোৱা দেখা যায়,।
১৯. কুকুৰৰ নেজ কেতিয়াও পোন নহয়:- সাধাৰণতে কুকুৰৰ নেজ চিধা নহয় তাক যিমান চেষ্টা কৰিলেও পোন নহয়,,ঠিক সেইদৰেই কিছুমান মানুহৰ স্বভাৱ চৰিত্ৰও যিমান চেষ্টা কৰিলেও সলনি কৰিব নোৱাৰি,।
২০. কহনা আছে ৰহনা নাই, সাতহাল বায় নটা নাই:-লোকক বহুত কথা কয়, নিজৰ কিন্তু ভক্তিৰ লেখমানো নাই, (সাত হাল- চৈধটা, সাত হাল- চৈধ্য প্ৰসংগ কৰে, নটা নাই -- নবিধ ভক্তিৰ এবিধো নাই, )।
২১. কেৰ্কেটুৱাৰ বাঁহপাতেই ভেটি:- জন প্ৰবাদৰ মতে ৰামচন্দ্ৰই সীতাক উদ্ধাৰ কৰিবলৈ সেতু বান্ধি লংকালৈ যোৱাৰ সময়ত কেৰ্কেটুৱাই বাঁহপাত এখিলা মুখত লৈ সেতু বন্ধাত সহায় কৰিবলৈ গৈছিল । সামান্য কেৰ্কেটুৱাৰ বাঁহপাতেই সমল বাবে তাকে আনন্দেৰে গ্ৰহণ কৰিছিল । অৰ্থাৎ সাৰ্মথ্য অনুযায়ী দিয়া সামান্য উপঢৌকনো মূল্যবান বুলি গণ্য কৰা ।
২২. কমাৰৰ বন দৰ্জীয়ে কৰে, জুই লগাই ধৰফৰাই মৰে:- সধাৰণতে প্ৰতিজন লোকেই বিশেষ কিছুমান কামত পাকৈত আৰু সকলোৱে নিজৰ কামটো সম্পূৰ্ণ নিয়াৰিকৈ সম্পন্ন কৰিব পাৰে,,গতিকে এজনে সিজনে কৰা কামটো কৰিব নোৱাৰিবও পাৰে, কিন্তু কিছুমান লোকে আনৰ কামটো সহজ বুলি ভাবি কৰিবলৈ গৈ বিপদৰ সন্মুখীন হোৱা দেখা যায়,।
২৩. কামাৰেৰ ভতৰা দাও আৰ বৈদ্যেৰ কাশুলা মাও/ কমাৰৰ ঘৰে ভগা দাও, বেজৰ ঘৰে কাহুৰী মাওঁ:-কমাৰৰ দাত ধাৰ নেথাকে আৰু বেজৰ মাকৰ বাৰ মাহে কাঁহ থাকে,।
২৪. কি কৰো গোপাল, কলৈ যাওঁ কৃপাল:- উপাই নোহোৱা। কিবা এটা কাম যদি কাৰোবাৰ পৰা লোকাই চুৰকৈ কৰি থাকোতেই অকস্মাত সেই ব্যক্তিজনক দেখি উপায়ন্তৰ হোৱা।
২৫. কৰ্মই ধৰ্ম:-
২৬. কোনো মৰে হৰাহৰে(হাড়ে ছালে) কোনো মৰে মঙহৰ ভাৰে:- কোনো লোকে বহুটো দুখ কষ্ট কৰি অভাৱ অনাটনত পৰি মৃত্যু হয় । কিন্তু কিছুমানে আকৌ বিলাসিতাপূৰ্ণ জীৱন কটোৱাৰ পাছতো নানা ধৰণৰ আলৈ আহুকালৰ সম্মুখীন হৈয়ো মৃত্যুৰ মুখত পৰিব লগিয়া হয় । অৰ্থাৎ জীৱনত সমৃদ্ধ আৰু নিস্বতা উভয়ে অথন্তৰ বা মৃত্যুৰ কাৰণ ।
২৭. কোদো বৰলক জোকাই ল'লে গা সৰা টান:- কোদো বৰলক জোকাই ল'লে বৰলবোৰে আক্ৰমণ কৰিবলৈ খেদি আহে আৰু সেইবোৰৰ পৰা হাত সাৰিবলৈ টান হৈ যায়,, ঠিক সেইদৰেই কাজিয়া প্ৰবণতা থকা মানুহক জোকাই নোলোৱাই ভাল,।
২৮. কুমলীয়া আদা পায়, টিকাত মোহাৰি খায়:- আদাৰ বাকলি সাধাৰণতে কটাৰিয়ে গুচোৱা হয় কিন্তু কোমলীয়া আদাৰ বাকলি অতি সহজেই মোহাৰিলেই গুচি যায়,,ঠিক তেনেদৰেই দূৰ্বল মানুহক অতি সহজেই বস কৰা যায়,।
২৯. কমাৰৰ ঘৰত কটাৰী নাই তেলীৰ ঘৰত তেল নাই:-
৩০. কৌৰৱৰ চাউল খায়, পাণ্ডৱৰ গুণ গায়:- কৌৰৱ আৰু পাণ্ডৱ হৈছে দুয়ো দুয়োৰে শত্ৰু । কিন্তু তেনেস্থলত যদি কৌৰৱ চাউল খায় পাণ্ডৱৰ গুন গান গাবলৈ যায় তেন্তে কৌৰৱৰ প্ৰতি অকৃতজ্ঞ হোৱাটো বুজাব । অৰ্থাৎ উপকাৰ কৰা জনৰ প্ৰতি অকৃতজ্ঞ হৈ বিৰুদ্ধাচৰণ কৰা ।
৩১. কুকুৰ চিকুণ গৃহস্থৰ যশ:- কোনো লোকৰ ঘৰৰ কুকুৰ চিকুণতাক চাই সেই খন ঘৰৰ চাফ চিকুণতাৰ অনুমান কৰিব পাৰি,,গতিকে পোহনীয়া কুকুৰটো যদি চাফ-চিকুণ হয় তেনেহ সেই ঘৰখনো চাফ চিকুণ বুলি ধৰা হয়,।
৩২. কুকুৰৰ নেজ যিমান দীঘল নহওঁক, নিজেহে পাৰি বহিব:- কুকুৰৰ নেজডাল দীঘল হ'লেও নিজে পাৰিহে বহিব। তাৰপৰা কাৰোৱেই উপকাৰ নহয়। অৰ্থাৎ নীচ মানুহৰ সা-সম্পত্তি হ'লেও নিজৰ বাহিৰে কাৰোৰে উপকাৰত নাহে ।
৩৪. কলিয়াবৰত পৈয়েক মৰিল ঢেঁকী দিওঁতে মনত পৰিল:- বহু দিনৰ আগতে গিৰিয়েক ঢুকোৱাৰ কথা কামৰ সময়ত মনত পেলাই দুখৰ অজুহাতত কাম নকৰাকৈ থকা । অৰ্থাৎ বহু পুৰণি কথাৰ অচিলাত কামৰ পৰা অব্যাহতি বিছৰা ।
৩৫. কোলাৰটো এৰি বোকাৰটোলৈ মন/ কোলাৰটো এৰি পেটৰটোলৈ আশা:- কোলাৰ কেঁচুৱাটোক অৱহেলা কৰি গৰ্ভত থকাটোলৈ আশা কৰি থকা, অৰ্থাৎ সন্মুখত পোৱা সুবিধাটো গ্ৰহণ নকৰি অনিশ্চিতটোলৈ আশা কৰা ।
৩৬. কাউৰীয়ে বাহি গু নৌ খাওঁতেই:- সাধাৰণতে কাউৰি ঢলপুৱাতেই উঠে কিন্তু কাউৰি উঠি গু নৌ খাওঁতেই বুলিলে ৰাতি হৈ থকাই বুজাই,।অৰ্থাৎ ৰাতি নৌপুৱাওতেই ।
৩৭. কেঁচু খান্দোতে সাপ ওলাব পাৰে:-কিছুমান কথা আলোচনাৰ মাজত অন্য কিবা বা মনে বিচাৰি থকা তথ্যৰ সম্ভেদ পোৱা।
Monday, 20 February 2017
ফকৰা যোজনা 'ক" বৰ্ণ
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment