Friday, 24 February 2017

মোমাই তামূলীৰ বৰবৰুৱাৰৰ কৃতিত্ব (দ্বিতীয় খণ্ড)

দ্বিতীয় খণ্ড
   সি যি কি নহওঁক, নগাঁও পতাৰ পিছতহে ৰহা গাঁও পতা হৈছিল । চামগুৰি খুটাৰ কাষৰ পৰা ৰহা লৈকে বাটৰুৱা মানুহে কলঙৰ দুয়োপাৰে বৰষুণত জাপি নোলোৱাকৈ মানুহৰ পদুলিৰ আগেদি যাব পাৰিছিল । মুঠতে পাটকাইৰ পৰা বঙাল হাটলৈকে গাঁও সংগঠন কৰাই হৈছিল । এই কৃতিত্ব নিশ্চয় মোমাই তামুলীৰ বৰবৰুৱাকে দিব লাগিব । সমগ্ৰ অসম গাঁও ভুই বিলাকত সিঁচি হৈছিল কৰ্মসংস্কৃতিৰ বীজ । অৱশ্যে এইটো স্বীকাৰ্য্য যে নগাঁৱৰ পৰা উজনিলৈ মাটি অধিক সাৰুৱা বাবে এই খণ্ডৰ বিস্তৰ বাৰীঘৰ স্থাপন হোৱা দেখা যায় ।

   মোমাই তামুলীৰ গাঁও সংগঠন আৰু কৰ্মসংস্কৃতিৰ প্ৰভাৱ অসমীয়া জাতিৰ পৰা এতিয়াও আতৰি যোৱা নাই কিন্তু যিদৰে গুৰুত্ব দিব লাগিছিল সেয়া যে হোৱা নাই সি সূৰ্যোদয়ৰ দৰে সত্য কথা । মোমাই তামুলীৰ কৰ্মসংস্কৃতি দিৱস বা চুকাফা দিৱস উদযাপনৰ লগে লগে এই গুৰুত্বপূৰ্ণ কথাবিলাক বিচাৰ বিশ্লেষণ কৰি চালেহে বা প্ৰতিজ্ঞাৰে সেই আদৰ্শ গ্ৰহণ কৰিলেহে দেখৰ মংগল ধোদৰ পচলা অসমীয়া মানুহবোৰে অসমত কৰ্মসংস্কৃতিৰ সোঁত বোৱালেহে অসম আকৌ সকলো দিশতে প্ৰগতিৰ পথত আগবাঢ়িব ।

  কৰ্মসংস্কৃতি বা আত্মনিৰ্ভৰশীলতাৰ নীতিয়ে শ্ৰমৰ ক্ষেত্ৰ সংগঠিত আৰু শৃংখলিত কৰে । তাৰ ভিত্তিতেই কৰ্মপটু দৃঢ় আৰু শৌৰ্য বীৰ্যশীল অসমীয়া জাতি ঠন ধৰি উঠিছিল । এনে কৰ্মসংস্কৃতি আজিও ধৰি ৰাখিব পৰা হলে অসমীয়া জাতীয় জীৱনত বৰ্তমানে আহি পৰা অসলতা আৰু স্থবিৰতা বহু পৰিমাণে আতৰ হলহেঁতেন । অসমৰ ইতিহাসৰ পাত মেলিলেই তাকে দেখা পাওঁ । ড: নগেন শইকীয়াদেৱে এটা প্ৰবন্ধত লিখিছে যে যি মানুহে নিজৰ দেশৰ ঐতিহ্য আৰু দেশৰ সংস্কৃতিৰ লগত পৰিচিত নহয় সেই মানুহৰ মনত আত্মপ্ৰেম গঢ়ি উঠে কিন্তু দেশপ্ৰেম গঢ়ি নুঠে । প্ৰকৃত দেশপ্ৰেম নাথাকিলে দেশ গঢ়াৰ স্বপ্ন দেখিব কেনেকৈ । আমাৰ দেশ বৰ্তমান ধৃতৰাষ্ট্ৰৰ দেশলৈ ৰূপান্তৰিত হৈছে । চুকাফা বা মোমাই তামুলীৰ আদৰ্শই তাকে সদাই ৰিঙিয়াই কৈ আছে কিন্তু সেই প্ৰতিধ্বনিয়ে আমাৰ মানসপটত খুন্দা মৰাৰ নাই । আজিৰ এই অৰ্থনৈতিক সামাজিক বা ৰাজনৈতিক আৰু সাংস্কৃতিক অৱক্ষয়ৰ কাল ৰাতিটো ।

   এতিয়া অসমত তোষামোদৰ পয়োভৰ । গুণৰ বিচাৰ কৰি যোগ্য স্থান দিয়াৰ পৰিৱেশন ইয়াত মৃত্যু হল । মোমাই তামুলীৰ বাৰীখনৰ বেৰা খন দেখিয়েই ৰজাই তেওঁক ৰাজসভালৈ মাতি নি প্ৰথমতে তামুলীৰ বাব দিলে আৰু তাৰ পিছতে দিলে বৰবৰুৱা যি অসমখন উন্নতিৰ শিখৰলৈ তুলি নিলে । এই মহান আদৰ্শৰ পূজা কৰা জাতিয়েই বিশ্বৰ প্ৰগতিশীল আৰু স্বাধীন জাতি । দাৰ্শনিক হেৰিছনে কয় যে আমাৰ ভৱিষ্যত নিৰ্ভৰ কৰে অতীতক সম্যকভাৱে জনাৰ ওপৰত ।

   ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জীৰ অধ্যাপিকা ড: স্বৰ্ণলতা বৰুৱাই ঠিকেই কৈছিল যে শ্ৰমবিমুখতা আৰু  সামাজিক দায়িত্ববোধৰ দৈনতা আজি আমাৰ সমাজৰ ব্যাধিস্বৰূপ হল । সহজলভ্য ধন আৰু ব্যক্তিকেন্দ্ৰিক আলস্য জীৱনৰ ভাৱনাই আমাৰ সৰহসংখ্যক যুৱক যুৱতীক আজি মতলীয়া কৰি পেলাইছে । এই বিপথগামী মানসিকতাই সামাজিক শৃংখলা আৰু শান্তি বিনষ্ট কৰি অপসংস্কৃতিৰ পথ প্ৰশস্ত কৰিছে । শ্ৰমবিমুখ এই যুৱক যুৱতীসকলে বা ৰাইজেও চুকাফা বা মোমাই তামুলী বৰবৰুৱাৰ চৰিত্ৰৰ পৰা শ্ৰমৰ মৰ্য্যদাৰ শিক্ষা আহৰণ কৰিব পাৰে । নহলে এই দেশৰ মানুহে দৈনন্দিন জীৱনৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবেও পৰৰ মুখলৈ সদাই চাই থাকিব লাগিব আৰু পৰৰ হাতত লুণ্ঠিত হৈয়েই থাকিব লাগিব । আমাৰ এনে এটা দিন আছিল- - আমাৰ অসমীয়া মানুহে নিমখকণৰ বাহিৰে অন্য কথা চিন্তা কৰিব নালাগিছিল । কাৰণ নিজৰ বাৰীখনত নথকা বস্ত নাছিল । প্ৰায় বনদৰৱৰ পৰা আৰম্ভ কৰি পাটপলুৰ বাবে লগা গছৰলৈকে বিবিধ বৃক্ষলতা বাৰীতে আৰু বাৰীৰ ঢাপতো হৈছিল । এই বাবে অসমীয়া মানুহে খাদ্যৰ বাবে কোনো যুগতে নিজৰ ভেটি এৰি যাবলগীয়া হোৱাৰ আৱশ্যক বোধ কৰা নাছিল । এতিয়া অৱশ্যে আমাৰ জনসংখ্যাৰ বৃদ্ধিৰ বাবে বাৰীবোৰ সংকুচিত হৈ আহিছে আৰু মানুহৰ সেই পূৰ্বৰ স্বাধীন জীৱন যাত্ৰাতো ছন্দ পতন ঘটিছে । ইয়াক উদ্ধাৰ কৰিবলৈ আকৌ এবাৰ মোমাই তামুলীৰ কৰ্ম আদৰ্শৰ নীতিখিনি চালিজাৰি চোৱাৰ আৱশ্যক নিশ্চয় আছে ।
     
   আজি স্বাধীনতা লাভৰ পৰা ৬০/৬১ বছৰেই আমাৰ শিক্ষাব্যৱস্থা বঁজা হৈয়েই থাকিল । এই শিক্ষা আত্মনিৰ্ভৰশীলতাৰ চৰ্ত নাই, প্ৰকৃত স্বাধীন মানুহৰ সৃষ্টৰ কথা নাই – নাই দেশপ্ৰেমৰ শিক্ষা দিয়াৰ কথা । গতিকে এই শিক্ষাই কৰ্মবিমুখ বা নিবনুৱাৰ জন্ম নিদি কি জন্ম দিব ? অথচ আমি আজিও এই গুৰুত্বপূৰ্ণ আৰু জীৱন মৰণৰ বিষয়টো চৰম অৱহেলা কৰি আছো ।
  
    শিক্ষা জগতত নতুন দিগন্তৰ বাট মুকলি হোৱা আশা আমি দেখা নাই । এই সংকটাপন্ন অবস্থাত মোমাই তামুলীৰ কৰ্মসংস্কৃতিয়ে আমাৰ আন্ধাৰ আশাৰ কঠিয়া যে সিচিব পাৰিব তাত অকনো সন্দেহ নাই ।যুৱক যুৱতীসকলে বুজিব লাগিব যে পৰিশ্ৰমী আৰআৰু কৰ্মমৰ্যদাৰ গুৰুত্ব দিয়া জাতিৰ বিশ্বত মৃত্যু নহয় । এই মহান আদৰ্শৰে আগবঢ়াৰ প্ৰতিজ্ঞা গ্ৰহণ কৰিলে অসম নিশ্চয় আকৌ প্ৰগতিৰ পথত দূৰন্ত গতিৰে আগবাঢ়ি যাব পাৰিব আৰু তেতিয়াই জাতিটোক লগ নেৰিব শান্তি সমৃদ্ধিয়ে আৰু আশা আকাংক্ষাই ।
                                  -×-

Monday, 20 February 2017

ফকৰা যোজনা 'ক" বৰ্ণ

১. কপালত নাই ঘিঁ, ঠক ঠকালে হব কি:- এটা বস্তু বা কাম আমাৰ ভাগ্যত বা কপাল যদি কৰিবলৈ বা পাবলৈ লিখা নাই তেন্তে যিমান চেষ্টা কৰিলেও তাক পোৱাটো সম্ভৱ নহয়, (আমাৰ সমাজত মানুহে জীৱনত ভোগ কৰা সুখ-দুখ বা কৰ্মবোৰক কপালৰ লিখন বা ভাগ্যৰ দশা বুলি ধৰি লয় আৰু অখণ্ডনীয় বুলি সান্তনা লভে,,)।
২.কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ,
মাকৰ ঘৰত জীয়াৰী বাঢ়ে, পথাৰত বাঢ়ে ধান:- কেতিয়াবা কথাত কথা বাঢ়ি গৈ কথা বিষম পৰিস্থিতিৰ ৰূপ লয় । আৰু কাণৰ ফুটাত যদি খৰিকা সুমুৱাই ৰখা হয় তেন্তে কাণৰ ফুটাও ডাঙৰ হৈ পৰে । আনহাতে মাকৰ ঘৰত ছোৱালী দিনক দিনে বাঢ়ি গৈ এদিন জীয়ৰী হয় যিদৰে পথাৰত ৰুৱা ধান বাঢ়ে,। অৰ্থাৎ প্ৰকৃতিৰ নিয়ম অনুসৰি সকলো কাম হোৱা বা হয় ।
৩. কথাতেই কটা যায়, কথাতেই বঁটা পায়:- যিকোনো লোকেই যদি সময় অনুসৰি পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি পৰিস্থিতিৰ সপক্ষে কথা কব নাজানে তেন্তে তেওঁ মাৰ খোৱাৰ সম্ভৱনাই বেছি, আৰু যদি তেওঁ যথা সময়ত পৰিস্থিতিৰ সপক্ষত কথা কব পাৰে তেনেহ তেওঁ পুৰষ্কৃত হব পাৰে,,
৪. কাকনো বুলিম ককা,আটাইৰে ডাঢ়ি চুলি পকা:- কোনো এটা  বেয়া কাম যেতিয়া সকলোবোৰে মিলি কৰে তেতিয়া নিদিষ্ট এজনক বাছি উলিওৱা টান বা অসম্ভৱ হয়,,তেতিয়াই এই যোজনাটি ব্যৱহাৰ কৰা হয়,,
৫. কিনা হাঁহৰ ঠোঁট লৈকে মঙহ:- সাধৰণতে হাঁহৰ ঠোট, ঠেং আদি পেলনীয়া বস্তু, কিন্তু হাঁহটো যদি কিনি অনা হয় তেনেহলে যিমান বেছি পাৰি সিমান মাংস কাটি উলিয়াব যত্ন কৰা হয়। অৰ্থাৎ কিনি অনা বস্তুৰ যিমান পাৰি সিমান বেছি ব্যৱহাৰ কৰিব চেষ্টা কৰা হয় ।
৬. কথাৰ শুৱনি মাত, হাতীৰ শুৱনি দাঁত:- যিকোনো ব্যক্তিৰ মাতষাৰি যদি শুনিবলৈ শুৱনি বা ভাল লগা হয় তেন্তে তেওঁৰ কথাবোৰো ভাল লাগে, অৰ্থাৎ শুৱনি মাতষাৰে কথাবোৰো শুৱনি কৰে, ঠিক তেনেকৈয়ে হাতীৰ দাঁত থাকিলেহে দেখনিয়া বা চকুত লগা হয় ।
৭. ক বুলিব নেজানে ৰত্নাৱলী পঢ়ে:- যি একেবাৰে লিখা-পঢ়া নাজানে সি ৰত্নাৱলী পঢ়া অসম্ভব কাৰণ ৰত্নাৱলী এখন সংস্কৃতত লিখা ধৰ্মশাস্ত্ৰ, আৰু ইয়াক সহজে বুজা নাজায়, অৰ্থাৎ একেবাৰে কৰিব নোৱাৰা কাম এটা কৰিব যোৱা,।
৮. কালৰ কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল:- সাধাৰণতে বাঘে হৰিণাক চিকাৰ কৰি খায়, তেনেক্ষেত্ৰত যদি হৰিণাই বাঘৰ গাল চেলেকা দেখা যায় তেনেহলে নিশ্চয় ডাঙৰ অঘটন ঘটিছে,।
৯. কেৰ্কেটুৱাই তামোল খায়, নেউলক ধৰি কিলায়:- প্ৰকৃততে নেউলে তামোল নাখাই,,কেৰ্কেটুৱাই কিন্তু তামোল খাই,,গতিকে নেউল নিদোষী যদিও মৰা যায়,,অৰ্থাৎ যি কোনো বেয়া কাম বা দোষ কৰা জন পলাই হাৰে, আৰু সেই দোষী জনক নাপাই নিদোষী জনকে ধৰি শাস্তি দিয়ে,,।
১০. কথা ক'লেই লাগিল পাক, বাৰজন গৈছিল পানী আনিবলৈ , তেৰজনীৰ কাটিলে নাক:-মানুহৰ মুখ বাগৰি কথাই পাক লয় বিশেষকৈ কনো অপবাদ বা কেলেঙ্কাৰীৰ কাহিনী মুখে-মুখে বাঢ়ি অতিৰঞ্জিত ৰূপ লয় ৷
১১. কৰবা নৰাৰ বৰ কথা, খাবা নৰাৰ বৰ হাথা:- যি মানুহ কামৰ অযোগ্য বা অসাঠনজনে কাম কৰাৰ ক্ষেত্ৰত ওফাইদাং মাৰে,তেনেদৰে খাব নোৱৰাজনে আকৌ ডাঙৰ হেতাখনেৰে অৰ্থাৎ সৰহকৈ খাদ্য বিচাৰে। এতেকে নিজৰ সীমাবদ্ধতাৰ কথা জানি - বুজিও বৰাই কৰা কাৰ্য্য।
১২. কৈ পেলোৱা কথা, এৰি দিয়া শৰ একেই কথা:- ধনুৰ কাঁৰপাত এবাৰ মৰা পাছত তাক পুনৰ ঘুৰাই আনিব নোৱাৰি, যাক উদ্দেশ্য কৰি মৰা হয় তাক সেই কাঁৰপাতে আঘাত কৰিবই, ঠিক সেইদৰেই মানুহৰ মুখেৰে কাৰোবাৰ উদ্দেশ্য কৰি কোৱা কথাবোৰো পুনৰ ঘূৰাই আনিব নোৱাৰি,,।
১৩. কান্দিব জানিলেহে কল পায়:- সুবিধা অনুযায়ী কাম কৰিব জানিলেহে তাৰ ফল পোৱা যায় ।
১৪. কান্দি ৰণ জিকা:- কাৰোবাক কন্দা দেখিলে সাধাৰণতে আনজনৰ অন্তৰ খন কুমলি যায় আৰু কন্দা জনৰ প্ৰতি দয়া উপজে । গতিকে কোনো লোকে বলেৰে যদি যিকোনো কাম কৰিব নোৱাৰে তেন্তে কান্দি বা চলেৰে আনজনক কৰিবলৈ মান্তি কৰোৱাক বুজাই।
১৫. কেনি যাওঁ গোপাল, ক'ত লুকাওঁ কৃপাল:-উপাই নোহোৱা। কিবা এটা কাম যদি কাৰোবাৰ পৰা লোকাই চুৰকৈ কৰি থাকোতেই অকস্মাত সেই ব্যক্তিজনক দেখি উপায়ন্তৰ হোৱা।
১৬. কাকো পৰিল তালো সৰিল:-কাক মানে হৈছে কাউৰী । অৰ্থাৎ তাল গছ এজোপাত কাউৰী এটা আহি পৰিল। সেইসময়তে তাল এটাও সৰিল । কিন্তু ইটো ঘটনাৰ লগত সিটোৰ একো সম্পৰ্ক নাই। তথাপিও এনে লাগে যেন কাউৰীটো পৰা কাৰণেহে তালটো সৰিল।
১৭. কলেও আয়ে কিল খায়, নকলেও বোপায়ে বাঢ়ী চোতালত ভাত খায়:- কোনো কথা ক'লেও বিপদ আৰু নকলেও বিপদ অৰ্থাৎ ই দোধোৰ মোধোৰ অবস্থাত পৰা বুজাইছে ।
১৮. কুম্ভকৰ্ণ নিদ্ৰা:- ব্ৰহ্মাৰ বৰ পাই লংকাৰ ৰজা ৰাৱণৰ ভায়েক কুম্ভকৰ্ণই ছয় মাহ খাইছিল আৰু ছমাহ শুইছিল, তাৰ বাদে তেওঁ অন্য একো কৰা নাছিল,,গতিকে কোনো এটা কৰিব লগিয়া কামত যদি দীৰ্ঘদিন ধৰি একো কান সাৰ নিদিয়াকৈ থাকে তেতিয়া এই  যোজনাটিৰ ব্যৱহাৰ হোৱা দেখা যায়,।
১৯. কুকুৰৰ নেজ কেতিয়াও পোন নহয়:- সাধাৰণতে কুকুৰৰ নেজ চিধা নহয় তাক যিমান চেষ্টা কৰিলেও পোন নহয়,,ঠিক সেইদৰেই কিছুমান মানুহৰ স্বভাৱ চৰিত্ৰও যিমান চেষ্টা কৰিলেও সলনি কৰিব নোৱাৰি,।
২০. কহনা আছে ৰহনা নাই, সাতহাল বায় নটা নাই:-লোকক বহুত কথা কয়, নিজৰ কিন্তু ভক্তিৰ  লেখমানো নাই, (সাত হাল- চৈধটা, সাত হাল- চৈধ্য প্ৰসংগ কৰে, নটা নাই -- নবিধ ভক্তিৰ এবিধো নাই, )।
২১. কেৰ্কেটুৱাৰ বাঁহপাতেই ভেটি:- জন প্ৰবাদৰ মতে ৰামচন্দ্ৰই সীতাক উদ্ধাৰ কৰিবলৈ সেতু বান্ধি লংকালৈ যোৱাৰ সময়ত কেৰ্কেটুৱাই বাঁহপাত এখিলা মুখত লৈ সেতু বন্ধাত সহায় কৰিবলৈ গৈছিল । সামান্য কেৰ্কেটুৱাৰ বাঁহপাতেই সমল বাবে তাকে আনন্দেৰে গ্ৰহণ কৰিছিল । অৰ্থাৎ সাৰ্মথ্য অনুযায়ী দিয়া সামান্য উপঢৌকনো মূল্যবান বুলি গণ্য কৰা ।
২২. কমাৰৰ বন দৰ্জীয়ে কৰে, জুই লগাই ধৰফৰাই মৰে:- সধাৰণতে প্ৰতিজন লোকেই বিশেষ কিছুমান কামত পাকৈত আৰু সকলোৱে নিজৰ কামটো সম্পূৰ্ণ নিয়াৰিকৈ সম্পন্ন কৰিব পাৰে,,গতিকে এজনে সিজনে কৰা কামটো কৰিব নোৱাৰিবও পাৰে, কিন্তু কিছুমান লোকে আনৰ কামটো সহজ বুলি ভাবি কৰিবলৈ গৈ বিপদৰ সন্মুখীন হোৱা দেখা যায়,।
২৩. কামাৰেৰ ভতৰা দাও আৰ বৈদ্যেৰ কাশুলা মাও/ কমাৰৰ ঘৰে ভগা দাও, বেজৰ ঘৰে কাহুৰী মাওঁ:-কমাৰৰ দাত ধাৰ নেথাকে আৰু বেজৰ মাকৰ বাৰ মাহে কাঁহ থাকে,।
২৪. কি কৰো গোপাল, কলৈ যাওঁ কৃপাল:- উপাই নোহোৱা। কিবা এটা কাম যদি কাৰোবাৰ পৰা লোকাই চুৰকৈ কৰি থাকোতেই অকস্মাত সেই ব্যক্তিজনক দেখি উপায়ন্তৰ হোৱা।
২৫. কৰ্মই ধৰ্ম:-
২৬. কোনো মৰে হৰাহৰে(হাড়ে ছালে) কোনো মৰে মঙহৰ ভাৰে:- কোনো লোকে বহুটো দুখ কষ্ট কৰি অভাৱ অনাটনত পৰি মৃত্যু হয় । কিন্তু কিছুমানে আকৌ বিলাসিতাপূৰ্ণ জীৱন কটোৱাৰ পাছতো নানা ধৰণৰ আলৈ আহুকালৰ সম্মুখীন হৈয়ো মৃত্যুৰ মুখত পৰিব লগিয়া হয় । অৰ্থাৎ জীৱনত সমৃদ্ধ আৰু নিস্বতা উভয়ে অথন্তৰ বা মৃত্যুৰ কাৰণ ।
২৭. কোদো বৰলক জোকাই ল'লে গা সৰা টান:- কোদো বৰলক জোকাই ল'লে বৰলবোৰে আক্ৰমণ কৰিবলৈ খেদি আহে আৰু সেইবোৰৰ পৰা হাত সাৰিবলৈ টান হৈ যায়,, ঠিক সেইদৰেই কাজিয়া প্ৰবণতা থকা মানুহক জোকাই নোলোৱাই ভাল,।
২৮. কুমলীয়া আদা পায়, টিকাত মোহাৰি খায়:- আদাৰ বাকলি সাধাৰণতে কটাৰিয়ে গুচোৱা হয় কিন্তু কোমলীয়া আদাৰ বাকলি অতি সহজেই  মোহাৰিলেই গুচি যায়,,ঠিক তেনেদৰেই দূৰ্বল মানুহক অতি সহজেই বস কৰা যায়,।
২৯. কমাৰৰ ঘৰত কটাৰী নাই তেলীৰ ঘৰত তেল নাই:-
৩০. কৌৰৱৰ চাউল খায়, পাণ্ডৱৰ গুণ গায়:- কৌৰৱ আৰু পাণ্ডৱ হৈছে দুয়ো দুয়োৰে শত্ৰু । কিন্তু তেনেস্থলত যদি কৌৰৱ চাউল খায় পাণ্ডৱৰ  গুন গান গাবলৈ যায় তেন্তে কৌৰৱৰ প্ৰতি অকৃতজ্ঞ হোৱাটো বুজাব । অৰ্থাৎ উপকাৰ কৰা জনৰ প্ৰতি অকৃতজ্ঞ হৈ বিৰুদ্ধাচৰণ কৰা ।
৩১. কুকুৰ চিকুণ গৃহস্থৰ যশ:- কোনো লোকৰ ঘৰৰ কুকুৰ চিকুণতাক চাই সেই খন ঘৰৰ চাফ চিকুণতাৰ অনুমান কৰিব পাৰি,,গতিকে পোহনীয়া কুকুৰটো যদি চাফ-চিকুণ হয় তেনেহ সেই ঘৰখনো চাফ চিকুণ বুলি ধৰা হয়,।
৩২. কুকুৰৰ নেজ যিমান দীঘল নহওঁক, নিজেহে পাৰি বহিব:- কুকুৰৰ নেজডাল দীঘল হ'লেও নিজে পাৰিহে বহিব। তাৰপৰা কাৰোৱেই উপকাৰ নহয়। অৰ্থাৎ নীচ মানুহৰ সা-সম্পত্তি হ'লেও নিজৰ বাহিৰে কাৰোৰে উপকাৰত নাহে ।
৩৪. কলিয়াবৰত পৈয়েক মৰিল ঢেঁকী দিওঁতে মনত পৰিল:- বহু দিনৰ আগতে গিৰিয়েক ঢুকোৱাৰ কথা কামৰ সময়ত  মনত পেলাই দুখৰ অজুহাতত কাম নকৰাকৈ থকা । অৰ্থাৎ বহু পুৰণি কথাৰ অচিলাত কামৰ পৰা অব্যাহতি বিছৰা ।
৩৫. কোলাৰটো এৰি বোকাৰটোলৈ মন/  কোলাৰটো এৰি পেটৰটোলৈ আশা:- কোলাৰ কেঁচুৱাটোক অৱহেলা কৰি গৰ্ভত থকাটোলৈ আশা কৰি থকা, অৰ্থাৎ সন্মুখত পোৱা সুবিধাটো গ্ৰহণ নকৰি অনিশ্চিতটোলৈ আশা কৰা ।
৩৬. কাউৰীয়ে বাহি গু নৌ খাওঁতেই:- সাধাৰণতে কাউৰি ঢলপুৱাতেই উঠে কিন্তু কাউৰি উঠি গু নৌ খাওঁতেই বুলিলে ৰাতি হৈ থকাই বুজাই,।অৰ্থাৎ ৰাতি নৌপুৱাওতেই ।
৩৭. কেঁচু খান্দোতে সাপ ওলাব পাৰে:-কিছুমান কথা আলোচনাৰ মাজত অন্য কিবা বা মনে বিচাৰি থকা তথ্যৰ সম্ভেদ পোৱা।

Sunday, 12 February 2017

মোমাই তামূলীৰ বৰবৰুৱাৰৰ কৃতিত্ব:

                      প্ৰথম খণ্ড
   প্ৰাচীন কালত অসমৰ এখন উন্নত কৃষি প্ৰধান দেশ বুলি জনাজাত আছিল ।  অসমৰ মাটি সাৰুৱা আৰু দ বুলি চীনা পৰিব্ৰাজক হিউৱেন চাঙে কৈ গৈছে। দেশখনৰ প্ৰধান খেতি ধান। তাৰ বাহিৰেও কুঁহিয়াৰ, মৰাপাট, সৰিয়হ, নানা তৰহৰ শাক পাচলি, ফল-মূল যেনে—আম, কঁঠাল, নেমু, জামু, পনিয়ল আদি যথেষ্ট পৰিমাণে হৈছিল । হিউৱেন চাঙে কামৰূপ কঁঠাল আৰু নাৰিকলৰ বাবে বিখ্যাত বুলি কৈ গৈছে । হৰিহৰ বিপ্ৰৰ ৰচনাত নানা বিধ ফলৰ নাম পোৱা যায় ।মাধৱ কন্দলীৰ দিনত অসমখন ফল-মূলৰ গছেৰে ভৰি আছিল । ৰাম ৰাজ্যৰ দৰে ৰাজ্যত আকাল নাছিল । বিহুৰ আনন্দ যেন মানুহে সদায় উপভোগ কৰিছিল । তাক পুৰুষৰ মতেও কৃষিয়েই অসমীয়া মানুহৰ জীৱন আছিল আৰু সোণ, ৰূপ, হীৰা, মানিকতকৈ ভাত মুঠিৰ মূল্য অধিক বুলি গণ্য হৈছিল । ভূঞা সকলো কৃষিত বৰ আগৰণুৱা আছিল ।
 সুপ্ৰসিদ্ধ তাই আহোমসকল অসমলৈ আহি অসমখনক নাম দিছিল ‘মুং-ডুন-চুন-খাম’ অৰ্থাৎ সোণৰ বাগিচাৰে পূৰ্ণ দেশ । অসমৰ মাটিত সোণ গজে, সোণ ফলে । এই দেশত অকল পৰ্বতীয়া জুৰিতেই সোণ নাথাকে, সোণ থাকে গছৰ ডালে পাতে ।
 বৃহৎ অসমীয়া জাতি গঢ়োতা চাও লুং চুকাফাই কঢ়িয়াই অনা তাই সংস্কৃতিৰ অন্যতম বৈশিষ্ট্য হৈছে কৃষি সংস্কৃতি । কৰ্মবিমুখৰ ঠাইত তেওঁ স্থাপন কৰিছিল কৰ্ম সংস্কৃতি । তেওঁ শ্ৰমক মৰ্যদা দান কৰিছিল যি অস্ত্ৰৰ বলতকৈয়ো বলী আছিল । চুকাফাৰ নেতৃত্বত তাই আহোমসকলে যে শালি ধানৰ খেতি স্থানীয় ৰাইজৰ মাজত প্ৰবৰ্তন কৰিছিল সেই শক্তিয়ে হে তেওঁৰ শাসনৰ ভেটি সুদৃঢ় কৰিছিল । তাৰ পিছত জন্ম হৈছিল কৰ্মসংস্কৃতি তথা আত্ম নিৰ্ভৰশীলতাৰ নীতি । চুকাফাৰ সেই মহান কৰ্মসংস্কৃতিৰ মহান আদৰ্শ স্বৰ্গদেউ প্ৰতাপ সিংহই পবিত্ৰভাৱে গ্ৰহণ কৰিছিল আৰু সুযোগ্য বৰবৰুৱা মোমাই তামূলীৰ দ্বাৰাই গাওঁ সংগঠন কৰাই মানুহক স্বাৱলম্বী হোৱাৰ যি শিক্ষা দিয়ালে তাৰ দ্বাৰা অসম এখন সমৃদ্ধিশালী আৰু শক্তিশালী অসমলৈ ৰূপান্তৰিত হৈছিল । প্ৰতাপ সিংহই এক শৃংখলাবদ্ধ শাসন প্ৰৱৰ্তন কৰিব অসমীয়া জাতিক ভাৰতবৰ্ষৰ ভিতৰতে এটি শক্তিসম্পন্ন জাতি ৰূপে গঢ়ি তুলিবলৈ যে সমৰ্থ হল তাৰ সকলো কৃতিত্ব মোমাই তামূলী বৰবৰুৱাৰ । অসংখ্য জয়ৰ মাজত লুকাই থাকে সুদৃঢ় অৰ্থনীতি । প্ৰতাপ সিংহৰ দিনৰ অসংখ্য মুছলমান আক্ৰমণ ব্যৰ্থ কৰা শক্তিও দিছিল তেওঁৰ দেশৰ অৰ্থনৈতিক সবল অৱস্থাই । একোজন ক্ষণজন্মা সুযোগ্য ব্যক্তিৰ একো আজোঁৰত এটা জাতি বহুদূৰ আগুৱাই যায় আৰু তাৰ বিপৰীতে একো একোজন ব্যক্তিৰ মুৰ্খামীৰ বাবে একোটা জাতি বহুদূৰ পিছুৱাই যায় । আমি বৰ গৌৰৱবোধ কৰো যে জয়ধ্বজ সিংহৰ দিনত মিৰজুমলাই ৰাজধানী গড়গাঁও অধিকাৰ কৰি তিনি লাখ টকাৰ মূল্যৰ সোণ আৰু ৰূপ হস্তগত কৰাৰ ওপৰিও ১৭০ টা ধানৰ ভঁৰাল, এহেজাৰৰ পৰা দহহেজাৰ সোণতকৈ অধিক শস্যৰে ভৰি থকা ভঁৰাল হস্তগত কৰিছিল । তাৰ দ্বাৰা ৰাজ্যৰ ৰাজলক্ষ্মীৰ কোনো হানি হোৱা নাছিল । এইয়া স্বাভাৱিকতে চুকাফাক মোমাই তামূলী বৰবৰুৱাৰ দেখুৱাই যোৱা কৰ্মসংস্কৃতিৰ অমৃতময় ফল ।
 এটা কথা স্বীকাৰ কৰিব লাগিব যে মোমাই তামুলীৰ দূৰদৃষ্টিসম্পন্ন পৰিকল্পনা সুসংগঠন ব্যৱস্থা আৰু কৰ্মসংস্কৃতিৰ আদৰ্শই অসমৰ কৃষি ব্যৱস্থাত এক যুগান্তৰ ঘটালে । বৰবৰুৱাই গাঁও পাতি ঘন বসতিৰ মানুহ নি অন্য সাৰুৱা ঠাইত হাবি জংঘল কাতি নতুন গাঁও পতাই তাত ঢাপ মাৰি বেৰাদি বাৰী পতাৰ দিহা দি তাত নানা ধৰণৰ শাক পাচলি, ফল-মূল, গছ বা বাঁহগছ ৰোৱাই স্বাৱলম্বনৰ এনে এক আদৰ্শ দেখুৱালে তাৰ বাবে অসমৰ অৰ্থনীতিত ডাঙৰ পৰিৱৰ্তন ঘটিল । অসমীয়া জাতিৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক দিশতো মোমাই তামুলীৰ অৱদান উল্লেখযোগ্য বুলি ক’ব লাগিব । বৰবৰুৱাই সাংগঠনিক ৰুপত পাইক প্ৰথাৰ কাৰ্যকৰী কৰে । প্ৰথমতে সকলো একেই লগত কৰি সেই অঞ্চলত একোটা স্থানীয় খেল কৰি কৰি কৰ্মযজ্ঞত ব্ৰতী কৰিছিল আৰু সেই নীতিৰে এটা জাতিৰ মাজত কৰ্মসংস্কৃতি গঢ়ি তুলিব দেশৰ অগ্ৰগতিত বিৰাট অৰিহণা যোগালে তাৰ তুলনা অসম বুৰঞ্জীতে বিৰল ঘটনা । 
 কলিয়াবৰত প্ৰাপ্ত হাতে লিখা ভূঞা বুৰঞ্জীখনৰ পৰা জনা যায় যে মোমাই তামুলীৰ বৰবৰুৱাই কলঙৰ দুয়োপাৰতে দুশ ঘৰলৈ ভূঞা মানুহ পঠিয়াই চতিয়াল আৰু পূব থৰীয়াত প্ৰথম গাঁও পতা আৰম্ভ কৰিছিল । তাৰ পাছতে নাই দুৱাৰ আৰু নগাঁৱত গাঁও পতাৰ পৰিকল্পনা কৰিছিল ।
 কলিয়াবৰৰ পৰা মোমাই তামুলীৰ বৰবৰুৱাই ১৫৩৫ শকত মানুহ আনি এহেজাৰ পাইকেৰে শৃংখলাবদ্ধভাৱে নগাঁও পাতে । এই নগাঁও বৰ্তমান নগাঁও আৰু ইয়াৰ দুয়োকাষে দুটা আলি আছিল । ঘৰৰ পৰিয়াল বুজি পথালিয়ে আলিৰ দাঁতিত বেও জুখি মাটি দিয়া হৈছিল আৰু দীঘে যিমান পাৰি সিমান লব পাৰিছিল । ক্ৰমে কাৰো পৰিয়াল সৰহ হোৱাত মানুহ ঠায়ে ঠায়ে গৈছিল । ইয়াতে লুইতৰ দাঁতিত সাতগাঁও, আঠগাঁও নামে গাঁও আছে । তাতো পাইকৰ দুখেৰ আছিল । এনে কঠিন শাসনেৰে এই নগাঁও পতান হৈছিল যে প্ৰতিদিনে মানুহে পাতি বাঁহৰ মূঢ়া বা তামোলৰ পুলি বা আন কোনোবা গছকেইজোপামান ৰুব লাগে । তিৰোতা জনীয়েও অন্তত: কেইটামান সুতলাহি কাটিব লাগে । বৰবৰুৱাৰ টেকেলাই গৈ প্ৰতিদিনে এই কাৰ্য চোৱাৰ নিয়ম আছিল আৰু তাকে নকৰিলে মুনিহ কি তিৰোতাইও দণ্ড পাইছিল । এই নগাঁও পতাৰ লগে লগে ব্ৰক্ষ্মপুত্ৰৰ উত্তৰে নদুৱাৰ অঞ্চলত গাঁও পতা আৰম্ভ হয় । তাতো কলিয়াবৰৰ পৰাই প্ৰতি পৰিয়ালৰ দুঘৰ দুঘৰ কৰি নি গাঁও পতা হৈছিল । সেই গাঁৱৰ নাম কলিয়াবৰৰ গাঁৱৰ নামেৰেই ৰখা হৈছিল । হিতেশ্বৰ বৰবৰুৱাই কৈছে ‘উত্তৰে মাৰঙ্গী,খৰঙ্গী দৈয়াং, ধনুধৰা, উৰা, তেতৈয়া, দোলামাৰি, বৰদেহীয়া আৰু আনো গাঁও মানে মোমাই তামুলীৰ বৰবৰুৱাই পাতিলে । অভয়াপুৰ ফুল বৰুৱা আৰু পিকচাই কাফুকনে, শলগুৰি নামদাঙ পাতিলে সন্দিকৈৰ খাওকাওৱে আৰু পুখুৰী খনাই ফুটুকাৰ তলীত আলি বান্ধিলে । এই ক্ৰমে ডাঙৰীয়া সকলেও গাঁও পাতিলে । আগলৈ,,,,,,

কবিতা

            শূন্যতা
বিষন্নতাৰ লহৰত কঁপি কঁপি
শূন্য হৈ ফাট মেলিছে মোৰ হৃদয়।
হেৰাই গৈছো ক্ৰমে নিজৰ মাজতে।
বিছাৰি জীৱনৰ উত্তৰ
সপোন বোৰকেই নিলাম কৰিছোঁ।
নিলাম কৰিছোঁ অতীতৰ সেই সন্ধিয়াটিও
যি বাৰে বাৰে আহি মোৰ
হৃদয়ত খুন্দিয়াব বিছাৰে।
পুৰণি স্মৃতিৰ জোনাকি মৃদু কোমল
বতাহ জাকো ধুমুহা হৈ বুকুৰ মাজত
বলিব ধৰা যেন লাগিছে।
আধৰুৱা হৈ থকা সপোনবোৰক
চকুৰ লোতকেৰে উটুৱাই দিছোঁ ।
      -----------×----------------

      কংক্ৰিট হৃদয়
ৰাতিৰ শেহত দোকমোকালিৰ
কোমল বতাহে কাঢ়ি নিব পৰা নাই
বৈভৱৰ বিলাসী স্বপ্নবোৰ,,
নিৰ্জল দিনবোৰেও হৃদয়ৰ
সমস্ত আকুলতাৰে ৰচিব পৰা
নাই জীৱনৰ ছন্দময় সংগীত,,।
কিবা এটা কৰাৰ কথা ভাবিলেই
আন্ধাৰতো আলোকিত হৈ পৰে
কংক্ৰিট হৈ যোৱা হৃদয়খন ।
সোঁৱৰণিৰ দীঘলীয়া বাট কাটি-কাটি
অহৰহ গৈ থাকোতেই হঠাৎ এৰা এৰি
হলো জীয়া-জুৰি ঘাটত
সহযাত্ৰীৰ খোজত।
বিচিত্ৰ অভিব্যক্তি,
ক্লান্ত, শ্ৰান্ত সন্ধিয়াত
দুঃচিন্তা দুঃসহ হৈ পৰো।
-----×------
            বিষাদ
সেমেকা সন্ধিয়াৰ মৌন অন্ধকাৰ
শুভ্ৰ নিয়ৰৰ টোপাল টোপাল সমূহ
এটাৰ বিন্দুত এধাৰি সোঁত।
হিয়া মোৰ বিষাদেৰে পূৰ,
স্বপ্ন উদ্যানত ভগ্ন হৃদয়
অজ্ঞাত ভয়ত আছন্ন।
নিৰ্লজ্জ আশাত অন্ধ মোৰ এই
শব্দবোৰত জীৱন ধাৰাৰ সুষমা।
সকলোতে কেৱল নিমাত নিটাল
কাঢ়ি নিব খুজিছে মোৰ সপোনত
তুলবুলীয়া দুচকুৰ আশা।
     ----×----

 ~অনুভৱৰ এহাল প্ৰেমিক~
ফুলতকৈও ধুনীয়া
তুমি
গানকৈও
শুৱলা তোমাৰ মাত।
ভাল লাগে
নদী বহুত
সেইকাৰণে হয়তু তোমাকো,,,,,!
                      কোনে কব পাৰিব
                      সাগৰে প্ৰথম আকাশক
                       নে আকাশে
                       সাগৰক দেখিছিল
                       ঠিক সেইদৰেই
                       মইয়ো কব নোৱাৰিম কেতিয়া
                       তোমাৰ দুচকু সাগৰৰ গভীৰতাত
                       সোমাই তোমাৰ বাবে খুলি দিলো
                       মোৰ হৃদয়ৰ নিষিদ্ধ দুৱাৰ,,
তুমি সেই সাগৰৰ দৰেই
তোমাৰ দুচকুৰ গভীৰতাত
দেখা পাওঁ মোৰ মন আকাশৰ নিলাভ।
পাৰত ৰৈ মাপ কৰি চাব বিছাৰো
মন সাগৰৰ মৰমৰ বিশালতাক
দেখা নোপোৱা  হৃদয়ৰ
গহ্বৰত।
                        মোৰ হৃদয়ৰ গহ্বৰত বৈ আছে
                         এখন প্ৰেমৰ নদী,,
                         যি তোমাৰ মৰম সাগৰৰ
                         ঢৌত মিলিত হৈ
                         ৰচিছে প্ৰেম সংগীতৰ
                         এক যুগল বন্দী ।
                                   -×-
     
     ~এটি কৰুণ বাঁহীৰ সুৰ~
দূৰণিত শুনিছো এটি কৰুণ বাঁহীৰ সুৰ
এনে লাগিছে সংগোপনে প্ৰেম
ঠিকনা হেৰুৱাই দিশ বিদিশ পাহৰি
ৰাতিৰ সপোনতো অবাধ বিচৰণ।
ধূলিয়ৰি কৰি তুলিছে হৃদয়,
নিৰ্জ্জন নদীৰ কাণত বসন্তৰ
কুলি জনীয়েও পঞ্চমত সুৰ তুলি
গীত জুৰিছে,
আলিৰ কাণৰ কোনোবা এটি পুলট
বহি চটফটাই থকা হৃদয়ৰ যন্ত্ৰণাবোৰত
আহত হৈয়ে চাগে তুলি লৈছে বাঁহীটি।
---------------×--------------

~ তুমি গুছি গলে ~
তুমি গুছি গলে
আকাশ আকাশ হৈ নাথাকিব,
সাগৰ সাগৰ হৈ নাথাকিব,
নদীও নদী হৈ নাথাকিব।
তুমি গুছি গলে
যন্ত্ৰণাৰ পাছত যন্ত্ৰণা
দূখৰ পাছত দূখ।
তুমি গুছি গলে
হাঁহিবোৰ হাঁহি হৈ নাথাকিব
দিনবোৰ দিন হৈ নাথাকিব
ৰাতিবোৰো ৰাতি হৈ নথাকিব।
তুমি গুছি গলে
বটলৰ পাছত বটল মদ খাই
মাতাল হৈ থাকিম।
পাগলৰ দৰে হাঁহিম
মেঘৰ দৰে গৰজি উঠিম
দুখৰ অৰণ্যত পৰি থাকিম।
এনে কোনো কথাই নাভাবিবা তুমি,
তোমাৰ অবিহনেও মই জী থাকিম
ওখতকৈ ওখ গছ হৈ
গভীৰতকৈ গভীৰ নদী হৈ।
তুমি গুছি গলে,,,,,
তুমি গুছি গলে।।
---------×------------
 
  ~কিমান ভাল পালে~
কাৰোবাক কিমান ভাল পালে
দুচকুৰ ভাষাবোৰ পঢ়িব পাৰি
নোকোৱাকৈ বুজিব পাৰি মনৰ কথা।
কাৰোবাক কিমান ভাল পালে
জপিয়াই দিব পাৰি দিহিং দিচাঙত।
কাৰোবাক কিমান ভাল পালে
আঙুলি কাটি লিখিব পাৰি চিঠি
ভোকতো নোখোৱাকৈ থাকিব পাৰি।
কাৰোবাক কিমান ভাল পালে
নিজে কান্দিও আনক হহুঁৱাব পাৰি
নিজে দুখত থাকিও সুখি কৰিব পাৰি।
কাৰোবাক কিমান ভাল পালে,,,,,!
 -----------------×--------------------

 ~যিদিনা তুমি আনৰ হবা~
যিদিনা তুমি আনৰ হবা
আনৰ মৰমত উমলিবা
দুবাহুৰ উমত দেখিবা সপোন
প্ৰতিটো দিন প্ৰতিতো নিশা
জোনাক মধুৰ হব
থোপা থোপে সৰিব ৰক্ত জবা।
তোমাৰ চঞ্চলতা তোমাৰ সৰলতা
সকলো তেওঁৰ বাবেই হব।
বানে ধোৱা পথাৰৰ দৰে
লঠঙা ডালত উলমি থকা
অমাবস্যাৰ জোনটোৰ দৰে
প্ৰাচীনতম নদীৰ দৰে
ধান কাটি নিয়া আঘোণৰ পথাৰৰ
দৰে যন্ত্ৰণাবোৰে মোৰ
বুকুত বাহ সাজিব।
যিদিনা তুমি আনৰ হবা,,
মোৰ চোতালৰ জোনাক চাবলৈ
শেৱালীৰ সুবাসত মোৰ বুকুত
খামোচি ধৰিবলৈ
বৰগছ জোপাৰ তলত বহি
ৰামধেনুৰ আলাপ কৰিবলৈ
কেতিয়াও নাহা তুমি,,
মোৰ কলিজা,,
যিদিনা তুমি আনৰ হবা,,।